শংকৰী সংস্কৃতিৰ মূল ভেটি নামঘৰ

শঙ্কৰদেৱৰ শংকৰী সংস্কৃতিৰ বৰঘৰ স্বৰূপ নামঘৰ। গুৰুজনাৰ অসমীয়া সমাজলৈ এক অনবদ্য উপহাৰ স্বৰূপ নামঘৰ। বৰ্তমানৰ পৰা পাঁচশ বছৰ আগতেই শ্ৰীমন্ত শংকৰদেৱে যে একশৰণ নামধৰ্ম প্ৰচাৰ কৰি মানৱৰ হৈ পৰকলৰ হিত সাধন কৰিলে আৰু অসমৰ সংস্কৃতি জন্মতৰো প্ৰাগ প্ৰতিষ্ঠা কৰিলে। একশৰণ ভক্ত বৈষ্ণৱ সকলৰ ঘৰে ঘৰে থকা সৰু সৰু নামঘৰ বা গোঁসাই ঘৰ বিলাকো শংকৰী সংস্কৃতিৰ একোটি ধর্ম সংস্কৃতিৰ অন্যতম বাহন, তথা মূখ্য অংগ বুলিব পাৰি। সমান্তৰাল ভাবে পুবা পশ্চিমাকৈ আহল বহল আৰু দুই মুৰে টুপ ভঙা সাত কোঠালীৰ এটি সুন্দৰ ঘৰ। পূৱ অংশৰ সোঁ-মাজতে সাতখলপীয়া সিংহাসন থাকে। তাতেই জগত গুৰু শ্ৰীমন্ত শংকৰ মাধৱ দেৱৰ ৰচিত এখনি শাস্ত্ৰ যথাৰীতিৰে, প্ৰতিষ্ঠা না করা থাকে। বর্তমান ভালেমান নামঘৰৰ পূৰ্বমুৰত পথালিকৈ বেলেগাই সজা মণিকূটৰ ভিতৰতো সিংহাসন প্রতিষ্ঠা কৰা দেখা যায়। ভাগৱত শাস্ত্ৰত গুৰুজনে লেখিছে “আপুনি ঐশ্বৰ আস্থা হাদয় কমলো" এতেকে আমাৰ উপাসনাৰ ইষ্টদেৱৰ অৱস্থান হৃদয়তহে, মুৰত নহয়। অৱশ্যে পৰৱৰ্ত্তী কালত নামঘৰটি বিভিন্ন সামাজিক ধর্মীয় সংস্কৃতিক মঞ্চ বা নাটঘৰ হোৱাত থাপনাৰ (সিংহাসন) পবিত্রতা ৰক্ষাৰ প্রয়োজনীয়তাত সেইদৰে ...