শংকৰী সংস্কৃতিৰ মূল ভেটি নামঘৰ


 শঙ্কৰদেৱৰ শংকৰী সংস্কৃতিৰ বৰঘৰ স্বৰূপ নামঘৰ। গুৰুজনাৰ অসমীয়া সমাজলৈ এক অনবদ্য উপহাৰ স্বৰূপ নামঘৰ। বৰ্তমানৰ পৰা পাঁচশ বছৰ আগতেই শ্ৰীমন্ত শংকৰদেৱে যে একশৰণ নামধৰ্ম প্ৰচাৰ কৰি মানৱৰ হৈ পৰকলৰ হিত সাধন কৰিলে আৰু অসমৰ সংস্কৃতি জন্মতৰো প্ৰাগ প্ৰতিষ্ঠা কৰিলে। একশৰণ ভক্ত বৈষ্ণৱ সকলৰ ঘৰে ঘৰে থকা সৰু সৰু নামঘৰ বা গোঁসাই ঘৰ বিলাকো শংকৰী সংস্কৃতিৰ একোটি ধর্ম সংস্কৃতিৰ অন্যতম বাহন, তথা মূখ্য অংগ বুলিব পাৰি।


সমান্তৰাল ভাবে পুবা পশ্চিমাকৈ আহল বহল আৰু দুই মুৰে টুপ ভঙা সাত কোঠালীৰ এটি সুন্দৰ ঘৰ। পূৱ অংশৰ সোঁ-মাজতে সাতখলপীয়া সিংহাসন থাকে। তাতেই জগত গুৰু শ্ৰীমন্ত শংকৰ মাধৱ দেৱৰ ৰচিত এখনি শাস্ত্ৰ যথাৰীতিৰে, প্ৰতিষ্ঠা না করা থাকে। বর্তমান ভালেমান নামঘৰৰ পূৰ্বমুৰত পথালিকৈ বেলেগাই সজা মণিকূটৰ ভিতৰতো সিংহাসন প্রতিষ্ঠা কৰা দেখা যায়। ভাগৱত শাস্ত্ৰত গুৰুজনে লেখিছে


“আপুনি ঐশ্বৰ আস্থা হাদয় কমলো"


এতেকে আমাৰ উপাসনাৰ ইষ্টদেৱৰ অৱস্থান হৃদয়তহে, মুৰত নহয়। অৱশ্যে পৰৱৰ্ত্তী কালত নামঘৰটি বিভিন্ন সামাজিক ধর্মীয় সংস্কৃতিক মঞ্চ বা নাটঘৰ হোৱাত থাপনাৰ (সিংহাসন) পবিত্রতা ৰক্ষাৰ প্রয়োজনীয়তাত সেইদৰে থকা মণিকূটৰ ব্যৱস্থা হ'ল বুলি কবপাৰি।


নামঘৰৰ সাতোটা কোঠালীক সপ্ত বৈকুণ্ঠ আৰু চৈধ্যটি খুটাই বৈকুণ্ঠৰ চৈধ্যজন পাৰিষদৰ প্ৰতীক স্বৰূপ বুলি ভক্ত সমাজত কথিত হৈ আহিছে। সিংহাসনত প্রতিষ্ঠিত শাস্ত্ৰৰ অক্ষৰ ব্ৰহ্মাৰ মাজত ভগৱন্তৰ বাঙ্ময়ী মূৰ্ত্তি উপাসনা কৰাটো ৰীতি আৰু ই বিজ্ঞান সম্মত ধাৰণা। থাপনাত প্রতিষ্ঠিত দশম (শ্রীমদ্ভাগৱত), কীৰ্ত্তন ঘোষা, নামঘোষা, আৰু ভক্তিৰত্নাৱলী মহাপুৰুষীয়া নাম ধৰ্মৰ চতুৰ্বেদ স্বৰূপ শাস্ত্ৰ। মূল শ্রীমদ্ভাগবত তাৰে সাৰ সংক্ষিপ্ত “গুণমালা" পৃথি। ভাগৱতাদি মৌলিক শাস্ত্ৰৰ খণ্ড বিশেষ গোপী-উদ্ধআৰ সংবাদ, নিমি নব সিদ্ধ সংবাদ, ভক্তি প্রদীপ ইত্যাদি। উক্ত পুথি সমূহৰ যিকোনো এখন নীতিগত ভাৱে থাপনাত প্রতিষ্ঠা কৰিহে উপাসনা সম্পন্ন ৷ শ্ৰীমন্ত শংকৰ-মাধৱদেৱৰ ৰচিত উল্লেখিত পুথি সমূহৰ বাদে গুৰু আসন বা থাপনাত জন্য পৃথি প্ৰতিষ্ঠা কৰাটো নিষিদ্ধ। থাপনাত প্রতিষ্ঠিত শাস্ত্রখনি প্রতীকহে, বিগ্রহ নহয়। প্রতীক আৰু বিগ্ৰহৰ পাৰ্থক্য নুবুজি কোনো কোনোৱে নামঘৰতে বিগ্রহ স্থাপন কৰা পৰিলক্ষিত হৈছে। নামঘৰত কোনো বিগ্রহ থকাতো যুক্তি সংগত নহয়। নামঘৰ বোলোতে বুজিব লাগিব কেৱল হৰিনাম ধৰ্মৰ য'ত শ্ৰৱণ-কীৰ্ত্তন উপাসনা চলিব। য'ত মৃণ্ময় মূৰ্ত্তিৰ (বিগ্ৰহৰ) পূজাৰ ব্যৱস্থা নাই বল কৃষ্ণ বিমে অন্য দেবতার পূজা কদাপি নচলিব। শৰণ-ভজন ভক্তিয়েই য'ত ভগৱত প্রাপ্তির মাধ্যম হ'ব, যত শত্রুরী সংস্কৃতির বাদ্য খোল-তাল-দবা নাগেবা বৰকাঁহ ধ্বনিত হ'ব। যত গায়ন-বায়ন, ভাংনা সবাহ, কীৰ্ত্তন ঘোষা বাণীতে আকাশ-পাতাল, বতাহ মুখৰিত হ'ব। সেইয়াইছি'ল আমাৰ শংকৰী সংস্কৃতির বুনিয়াদ স্বৰূপ নামঘৰ।


শ্ৰীমন্ত শংকৰ-মাধৱ গুৰু দুজনাই অসমা এসেনি।থমে নামঘৰ প্ৰতিষ্ঠা কৰিলে। এই নামঘৰৰ আভ্যন্তৰীণ কথা হলে হিটীৰ মাজে নামৰ ভাণ্ডাৰ পাতি "ধর্মময়তনু' ‘হৰি ভকতা করা। সম্ভাবলী নামৰ বৈষ্ণৱ শাস্ত্রখনিত নামঘৰ, সিংহাসন এপ্তি, শৰাই, প্ৰসাদ আদিৰ বিৱৰণ পোৱা যায়।


“কঠাল কাঠৰে পাছে সিংহাসন কাটি শংকৰে সাজিলা সিংহাসন পাৰি পাঠি সিংহাসন ওপৰে আমহী ঘৰ দিলা।, তাহাতে পুস্তকহৈ বন্ধে আচ্ছাদিলা।। একসছি বস্তি তাতে নিয়োজিয়া দিল। হেঙুলীয়া ৰাইখুনি শংকৰে নির্মিতা! সর্বদেশে সিদ্ধ কৰি নৈবেদ্য কৰয়। কেছা মাহ চাউল দিবে শঙ্কৰে বোলয়।।"


কঠাল কাঠৰ দ্বাৰা নিৰ্মিত চাৰি কোণীয়া, সাতখলপীয়া সিংহাসন। সপ্তম খলপাৰ একেবাৰে ওপৰত তিনিফালে বেৰা আৰু সন্মুখৰ ভাগ খোলা চাৰি শিৰিয়াকৈ ওপৰলৈ জোঙা মূৰেৰে উপবিভাগ আবৃত, ক্ষুদ্র ঘৰৰ আকৃতি আলহী ঘৰ থাকে। তাৰ ভিতৰতে ধৌত বস্তুৰে আবৃত্ত পৃথি প্রতিষ্ঠিত কৰা হয়। মহাপুৰুষীয়া ধৰ্মৰ মূল চাৰি বস্তু গুরু, দেব, নাম আৰু ভকতক সিংহাসনৰ চাৰি খুৰাত প্রতিকী কথা হয়। সিংহাসনৰ চাৰি খুৰাৰ তলতে এটি মটিয়া বা ক'লা ৰঙৰ কাঠ কটা কাছ তাৰ ওপৰতে ক'লা ৰচৰ কঠত কটা হাতী (বইত্‌ কৰি থকা)। তাৰো ওপৰত কাঠত কটা হেঙুলীয়া বৰণৰ এটি সিংহ মূৰ্ত্তি থাকে। সাত খলপীয়া সিংহাসনৰ প্ৰতি খলপাতে এই বস্তু কেইটা সজোৱা হয়। ইয়াৰ তাত্বিক নিশবে হ'ল কাছ সংযমৰ প্ৰতীক বুলি ধৰিলৈ হৰি ভক্তজনৰ আত্ম সংযমী বা ইন্দ্ৰিয় সংযমী হ’বলৈ সঁতিয়াইছে। পাপৰ প্রতীক হাতীক নামৰ প্রতীক প্ৰমত্ত সিংহই দমন কৰা বুজোৱা হৈছে।


সেয়েহে মহাপুরুষ মাধৱদেৱৰ নামঘোষাত ইয়াৰ উল্লেখ আছে


“পূণ্য অৰণাৰ মাজে মাধৱৰ নাম সিংহ।

প্ৰকাশ কद्र আতিবা।ে

যাৰ ধ্বনি শুনি ভঙ্কে কাপ হস্তচা

আতি ত্ৰাসত লৱৰে।


সিংহাসনৰ সাতোটি খলপা সপ্ত বৈকুণ্ঠবপ্রতীক হলেও আপাততঃ ইহুৰি নামৰ ক্ৰিয়া, ভক্তজনৰ শৰীৰত কেনেদৰে ঘটে আৰু ইয়াৰ দ্বাৰা এজন সামোরগতা প্রাপ্তি হয় তাকে বুজাইছে। শ্ৰীমন্ত শংকর দেৱৰ কীৰ্ত্তন ঘোষাৰ এই বিষয়ে পোৱা যায়। লিপৰম বাহৰ হৰিৰ নাম আকারে অবি যিজনে তাৰ সাতৃ কাৰ্য্য সাধিয়ে দিবে। প্রতি প্রতি লোৱা সাতবোলেখা। প্রথমে দাহবে পাতক চয়, কৰিধে মহাপুৰ্ণা অভ্যুদয় ইত্যাদি


মহাপুৰুষজনাই ব্যক্ত কথা এই সাত কার্যা হ'ল ক্রমে (১) পাগনাশ কৰা, (২) পূণ্য উদয় হোৱা, (৩) বিষয় বাসনাত বিৰক্তি জন্মোবা, (চ) কৃষ্ণবের প্রথম শুক্তি বঢ়োৱা, (৫) সমস্ত প্রাণীক বিষ্ণুম দেখি বৈষ্ণবী জ্ঞান উপজোৱা, (৬) মায়া নাশ কৰা আৰু (৭) চৈতন্য মূৰ্ত্তি হৰিৰ লগত সেৱকক লগ আমহী ঘৰত প্ৰতিষ্ঠিত পুথিখন হৈছে “চৈতন্য প্রতীক"। চৈতন্য স্বৰূপ শাস্ত্রখন কেতিয়াও জড় হ'ব নোৱাৰে। সেয়েহে মাধৱদেৱক শৰণ কৰাওতে গুৰুজনে কৈছিল- “অক্ষৰ পৰম ব্ৰহ্মা বুলিছে গীতাত এহিহেতু দণ্ডবত্ত কৰা থাপনাত।"


পদ্মপুৰাণতো অক্ষৰ ব্ৰহ্মৰ কথা উল্লেখ পোৱা যায়

“তিৰোধায় প্রবিষ্টোয়ং শ্রীমদ্ভাগবতার্ণরস্ তেনয়ং বাত্মীয় মূৰ্ত্তিঃ প্রত্যক্ষো বৰ্ত্ততে হবে সেবাছুরগৎ পাঠাৎ দর্শনাৎ পাপ নাশিনী।।”


অক্ষৰ ব্ৰহ্মৰ মহিমা অপাৰ। বৈকুণ্ঠ প্ৰয়াণৰ আগ মূহুৰ্ত্তত পৰম ভক্ত উদ্ধৱক পৰমেশ্বৰ শ্ৰীকৃষাই কৈছিল তেওঁৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত তেওঁৰ শক্তি সামৰ্থ সমস্তকে ভাগবতত স্থাপন কৰিব। গতিকে ভাগবত শাস্ত্র সেৱা কৰিলে, শ্ৰৱণ কৰিলে, পাঠ কৰিলে, আৰু দৰ্শন কৰিলে মানৱৰ পাপ নাশ হ'ব। এইয়াই হ’ল অক্ষৰ ব্ৰহ্মাৰ মহিমা।


সিংহাসন স্থান ভেদে গুৰু আসন বা থাপনা খোলা হয়। গুৰুৰ অৱস্থান হেতুকে শুষ্ক আম্মু, সাতঘলপীয়া থাপনাৰ চাৰি বস্তু স্থাপনৰ অৰ্থও থাপনা আৰু হবি নাম সিংহৰ অৱস্থান হেতুকে সিংহাসন বোলা হয়। কিছু ক্ষেত্ৰত অৱশ্যে চাৰি খুৰাত গৰুড় প্রতীত হেতু গৰুড়াদুন, ময়ুৰৰ প্ৰতীক হেতু ময়ুৰাসন, হনুমণ্ডৰ প্ৰতীক হেতু হনুমন্তী আসন বোলা হয়


সিংহাসন পশ্চিমলৈ সন্মুখ কৰি স্থাপন করাতো নিয়ম। ইয়াৰ উত্তৰ-পশ্চিম কোণাত ভাগবতলৈ মুখ কৰি এগছি মিঠাতেলৰ বন্তি জলোৱা হয়। বস্তি শহিক “ভক্তি প্রদীপ" বা ৬৮ বন্তি" ও বোলা হয়। সন্মুখভাগত কঁঠাল কাঠৰ (বর্তমান পিতলৰ) (হাদীয়া শৰাইখনত কেছা মণ্ডমাহ, চাউল, আদা বা আদিৰে সজোৱাৰ নিয়ম। তাকেতিলে ওপৰে কলগাতেৰে আৰুদ্ধ করা হয়। মাহ-চাউলৰ লগত নিমখ, নাৰিকল, কুঁহিয়াৰ আদি উপকরণ নৈবদ্য ও দিয়া হয়। এই এবং সমূহ উৎকৃষ্ট খাদ্য প্রাণযুক্ত সাত্ত্বিক হাহাৰ। কলাপাত ব্যৱহাৰ কৰাটোও বিজ্ঞান সম্মত কথা। নামতে নাম প্রসঙ্গ দ্বাৰা প্ৰব্য সমূহ ভগবতে অৰ্পণ কৰা হয়। অৰ্পনাবিহীন দ্রব্য ভক্তই খোৱাটো পেষণীয় বুলি ধৰা হয়। কথা গুরু চৰিতত আছে ভক্তে অম্ল-অৰ্পনা নকৰি খালে কুয়া খোৱাৰ সদৃশ” বোলা হয়।


নামঘৰ হৈছে শংকৰী কলা কুষ্টিৰ সংস্কৃতিক মজিয়া। নামঘৰত মহাপুৰুষীয়া কলা-কৃষ্টি যেনে গীত-মাত, গায়ন-বায়ন, ভাওনা প্রদৰ্শনৰ দ্বাৰা ঈশ্বৰৰ লালা সমূহ অভিনয়ৰ যোগেদি ভক্তিৰ আদৰ্শ প্রতিষ্ঠা কৰি দৰ্শকক ভক্তিমুখী কৰা হয়।


গাঁৱৰ উন্নয়ণমুখী সমূহীয়া প্ৰচেষ্টাৰ আলাপ আলোচনা, আঁচনি আদি নামঘৰতেই প্ৰস্তুত কৰা হয়। যাঁর গাঁৱ সমূহৰ সামূহিক আর্থ সামাজিক উন্নতিৰ পৰিচয় ও এই নামঘৰৰ ওপৰতে নিৰ্ভৰ কৰে। ভিত্তিক সুৰ্য দায়-জগৰৰ বিচাৰ আদিও এই নামঘৰৰ মজিয়াতে সমাধা হয়। এযোৰ শুৱা পানৰ দ্বাৰা সহদোষ অর্থদণ্ড ও মার্জনা কৰি সম্প্ৰীতিৰ এনাজৰিবে বান্ধ যায়। বর্তমান এই নামঘৰতেই গাঁৱৰ ধৰ্ম। নীতি, অর্থনীতি, সমাজনীতি, স্বাস্থ্য পৰিয়াল কল্যাণ আদিৰ বিষয়ে চর্চা কৰাৰ উপৰিও গাঁৱৰ যিকোনো 


পৰিচায়ক। এনে অপকৰ্মৰ বাবে নামঘৰৰ পবিত্ৰতা ৰক্ষা নপৰে। ভকতৰ যেনেকৈ সৰু বৰ নাই বা জাত নাই, নামঘৰৰো জাত আৰু সৰু বৰ থাকিব নোৱাৰে। এনেবোৰ কৰ্ম গুৰু জনাৰ আদৰ্শৰ পৰিপন্থী।


শংকৰী সংস্কৃতিৰ মূল ভেটি নামঘৰক কেন্দ্ৰ কৰি কৰা সমস্ত অনুষ্ঠানেই গুৰুজনাৰ পৰিশুদ্ধ আদৰ্শত গঢ়ি উঠিলেহে নামঘৰৰ প্ৰকৃত আদর্শ অব্যাহত থাকিব আৰু তেতিয়াহে ইয়াৰ প্ৰকৃত মূল্যায়ণ কৰা হ'ব। তেতিয়াহে অসমীয়া জাতি তথা অসমীয়া সমাজত সাম্য-মৈত্রী, প্রেম-প্রীতি, ঐক্য-সংহতিয়ে বিৰাজ কৰিব। সমাজ সু-শৃঙ্খলিত হৈ শান্তিপূর্ণ ভাৱে বৰ্ত্তি থাকিব। ইয়াৰ দ্বাৰায়ে সৰ্বজনৰ সৰ্বকালৰ কল্যাণ হ'ব আৰু তেতিয়াহে গুৰুজনাৰ পৰিশুদ্ৰ আদৰ্শৰ বাস্তৱ ৰূপায়ণ ঘটিব। এই মহান কাৰ্য্যত মনে প্রাণে প্রতিজনে সহযোগিতা আগবঢ়োৱাটো পবিত্র কদ্রব্য বুলি ভৱা উচিত।


Comments

Popular posts from this blog

Akhil Gogoi is still in Jail

Where and when did the Anti CAA protest start?

RHSS