মোৰ গাঁও: ৰঙাচকুৱা

          মৌখিকভাৱে অথবা লিখিতৰূপেও প্ৰচলিত আছে যে নিজৰ আইমাতৃ তথা মূলটোক কেতিয়াও পাহৰিব নাপায়। এই কথাষাৰ ১০০% শতাংশই সত্য। নিজৰ আপোন ঠাইখনক কাৰো লগত ৰিজাব নোৱাৰি। সেইবাবে ই সঁচাকৈয়ে স্নেহৰ আৰু সেৱাৰ পাত্ৰ।

During bhauna in Rangachakua


           প্ৰত্যেক ব্যক্তিৰ দৰে মোৰো মোৰ জন্মস্থানখন অতি আদৰৰ । সেইদেখি কেতিয়াবা হেঁপাহ জাগে নিজৰ ঠাইখনৰ প্ৰতি কিবা এটা কৰাৰ বা লিখাৰ। ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ জীয়া ভৰলীৰ জীয়া ঢলৰে বিধৌত বৃহত্তৰ জামুগুৰিহাতৰ সহভূমি, ৰঙাচকুৱাই হৈছে মই খাৰ-পাত খাই ডাঙৰ-দীঘল হোৱা তথা প্ৰাকৃতিক সৌন্দৰ্য্যৰে শোভিত মোৰ জন্মস্থান। বিভিন্ন জাতি-জনজাতিৰ সমন্বয়স্থলী এই ৰঙাচকুৱা ঠাইখন।

         ইতিহাস:

               কিম্বদন্তি মতে, পুৰ্বতে আমাৰ এই অঞ্চলটি ঘন অৰণ্যৰে আৱৰা আছিল। অৰণ্যৰ মাজত বৰদিকৰাই (দিক্কাৰিকা) নামৰ এখন নদীৰ এটি এৰা সুঁতিৰ কাষত এটা বক্রাকৃৰ্তি চুকৰ পৰা ৰঙাপানী পিটনিৰ পৰা নিগৰি থকা বুলি অনুমান কৰা হৈছিল। তাৰ ফলশ্ৰুতিতেই  "ৰঙা+চুক" শব্দ লগলাগি কালক্ৰমত "ৰঙাচকুৱা" নাম হয়।

            জনবসতি:

                     ৰঙাচকুৱা এখন ক্ষুদ্র গাওঁ নহয়, ই এটা বৃহত্তৰ অঞ্চল। ইয়াৰ জনসাধাৰণো সঁচাকৈ মানিবলগীয়া। তেওঁলোকৰ মাজত থকা যিটো সম্প্ৰতিভাব , সি সঁচাকৈয়ে বিৰল। তাৰোপৰি ইয়াত অৱস্থিত বিভিন্ন মঠ-মন্দিৰ, নামঘৰ , সাংস্কৃতিক-অনুষ্ঠান আদিয়েও আমাৰ গাওঁৰ শোভা বৰ্ধন কৰিছে। এই  অঞ্চলত বহুতো সৰু - বৰ গাওঁ অন্তৰ্ভূক্ত হৈ আছে। প্রতিখন গাঁওৰ মাজত মিলা-প্ৰীতিৰ ভাব দেখা যায়। গাওঁসমূহ এনেধৰণৰ----

      ১/ ৰঙাচকুৱা

      ২/ ১ নং বৰদিকৰাই

      ৩/ ২ নং বৰদিকৰাই

      ৪/ ১ নং বাটমাৰী

      ৫/ ২ নং বাটমাৰী

      ৬/ ১ নং মৰিখুটি

      ৭/ ২ নং মৰিখুটি

       ৮/ খ্ৰীষ্টানবস্তি

      ৯/বালিজুৰি

      ১০/বালিচাপৰি

     ১১/ চিলনিঘাট

     ১২/বামুনিপাম

     ১৩/আগ্ৰীপাম

     ১৪/ গড়বিল

     ১৫/ চাৰিপুখুৰী। 

 শিক্ষিতৰ হাৰ হিচাপে কবলৈ গলে এই অঞ্চলৰ হব ৭১% ।

             পেচাদাৰী ব্যক্তিৰ সংখ্যা:

         ক/জিলা পৰিবহন বিষয়া---১জন ( বৰ্তমান অৱসৰ প্রাপ্ত)

         খ/ডাক্তৰ---২জন 

         গ/ সহ পৰিবহণ বিষয়া---২জন ( বৰ্তমান অৱসৰ প্ৰাপ্ত ১জন)

         ঘ/ যোগান পৰিদৰ্শক---১জন

         ঙ/মহাবিদ্যালয় প্ৰৱক্তা---৬জন

         চ/উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক--- ১০জন

         ছ/বায়ু সেনা---৫জন

         জ/স্থল সেনা---১৫০জন

         ঝ/অভিযন্তা---২জন

         ঞ/কনিষ্ঠ অভিযন্তা---৩জন

         ট/প্ৰাথমিক আৰু মধ্য প্ৰাথমিক শিক্ষক---৭৫জন

        ঠ/সামৰিক বিষয়া---২জন

        ড/বৈজ্ঞানিক---১জন

        ঢ/জন সেনা---৫জন

        ণ/আৰক্ষী বিভাগত---৩১জন

         

       ৰাস্তা-ঘাট:

                 ক/ টৌভঙা চিলনিঘট ডাইভাৰ্চন ৰড-পকীকৰণ পথ, গড় কাপ্তানি পকী পথ।


            শিক্ষানুষ্ঠান:

                   ক)উচ্চতৰ মাধ্যমিক বিদ্যালয়--- ১খন

                   খ)উচ্চ মাধ্যমিক বিদ্যালয়---১খন

                   গ)প্ৰাথমিক বিদ্যালয়---২৪ খন

                   ঘ)মধ্য প্ৰাথমিক বিদ্যালয়---১খন

                   ঙ)মধ্য প্ৰাথমিক অশ্ৰীকৃতিপ্ৰাপ্ত বিদ্যালয়---৪খন

                   চ)অংগণবাদী কেন্দ্ৰ---৪৭টা

                   ছ)ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়---২খন

                   জ)শংকৰদেৱ কলাকেন্দ্ৰ---১টা


              ৰঙাচকুৱা অঞ্চলটো এটা বৃহৎ অঞ্চল, এই অঞ্চলত  এখন মহাবিদ্যালয়ৰ প্ৰয়োজন আছে। উচ্চতৰ মাধ্যমিক বিদ্যালয় উত্তীৰ্ণ হোৱাৰ পিছত জামুগুৰি নাইবা তেজপুৰলৈ উচ্চ শিক্ষাৰ বাবে যাব লগা হয়। এই অঞ্চলৰ দুখীয়া লৰা-ছোৱালীবোৰে অৰ্থৰ অভাৱত শিক্ষা সামৰিব লগা হয়।

   

           চিকিৎসালয়:

               ১/ৰঙাচকুৱা ৰাজ্যিক চিকিৎসালয়---১খন

               ২/ৰাজ্যিক পশু চিকিৎসালয়--- ১খন

               ৩/উপ স্বাস্থ্যকেন্দ্ৰ---৪টা

  
         অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠান:

              ক/ষ্টেট বেংক---১টা

               খ/ডাকঘৰ---১টা

               গ/সাপ্তাহিক বজাৰ---১খন

               ঘ/সামূহিক ভৱন---৪টা

               ঙ/খেলপথাৰ --- ৩খন

               চ/ স্থায়ী ৰঙ্গমঞ্চ---৪টা

               ছ/ৰঙাচকুৱা বঙলা---১টা

               জ/প্ৰভুৰাম কাৰ্কী সোঁৱৰণি ভৱন---১টা


            ধৰ্মানুস্থান: 

                        ক/গায়ত্ৰী মন্দিৰ : ১টা

                        খ/নামঘৰ: ৬খন

                        গ/শিৱমন্দিৰ:৫টা

                        ঘ/উত্তৰ জামুগুৰি অখণ্ড হৰি কীৰ্তন কমিটিৰ কাৰ্যালয় গৃহ---১টা

                        ঙ/দুৰ্গা পূজা মণ্ডপ:৩টা

                        চ/কোৱা মৰা সত্ৰ: ১খন


                  ৰঙাচকুৱা কেন্দ্ৰত অৱস্থিত গায়ত্ৰী মন্দিৰ ১৯৬৭ চনত নিৰ্মান কৰা হৈছিল। গায়ত্ৰী মন্দিৰটো ভাৰতৰ ভিতৰতে দ্বিতীয় স্থান প্ৰাপ্ত।

                

           সামৰণি:

                  এই ৰঙাচকুৱা অঞ্চলটো পোনচাতেই অতি পিছ পৰা অঞ্চল আছিল। বৰ্তমানেও এই অঞ্চলক উন্নত বুলি অভিহিত কৰিব নোৱাৰি তথাপি কিন্তু আমি এই অঞ্চলক উন্নয়নশীল বুলি কব পাৰোঁ। কাৰণ বৰ্তমান এই অঞ্চলত মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সকলোখিনি সা-সুবিধায়েই ইয়াত উপলব্ধ। এইটো সম্ভৱ হৈছে এই অঞ্চলত জন্মগ্ৰহণ কৰা কেইগৰাকীমান শিক্ষানুৰাগী, উচ্চাকাংখী আৰু অগ্রণী ব্যক্তিৰ বাবেহে। তেখেতসকলৰ আপ্ৰাণ চেষ্টাৰ ফলতেই এই অঞ্চল ক্ৰমে পোহৰৰ দিশলৈ ধাৱমান হব ধৰিলে।

           শেষত, অঞ্চলটোৰ সৰ্বাংগীন উন্নতিৰ কামনা কৰি মোৰ এই চমু দুৱাষাৰ সামৰণি মাৰিলো।।

          

        " জয়তু ৰঙাচকুৱা অঞ্চল"


Comments

Popular posts from this blog

Akhil Gogoi is still in Jail

Where and when did the Anti CAA protest start?

RHSS